By Smriti Dihingia
তুমি মোৰ পোহৰ
জানানে?
নাজানা ছাগৈ
হব বাৰু
নজনাকৈয়ে থাকক দিয়া
জানিলে বাৰু
কিবা সলনি হব নেকি
তোমাৰ মনৰ
তোমাৰ জীৱনৰ
তোমাৰ আবেগৰ ?
নহয় নিশ্চয় !
হোৱা হলে
নালাগিলে হেতেন জানো
কেতিয়াবাতেই ভিতৰত
কিবা খালি খালি ?
আৰু তেতিয়া
নিবিচাৰিলা হেতেন জানো
সেই ঠাই ভৰাবলৈ
হয়তো কাৰুবাক
মোকেই ছাগৈ ?
বিচৰা নাই যিহেতু
থাকক দিয়া
নজনাকৈয়ে সেই কথা !
অদৰকাৰী কথা ভাবি
কিয়নো লোৱা বেমেজালি!
কিন্তু মই যি ভাবো
তাত নোৱাৰা কৰিব
তুমি কোনো নিয়ন্ত্ৰন
সেয়ে ভাবিবলৈ দিয়া মোক
কিজানি মই তেনেকৈয়ে সুখী !
অ’ মই বাৰু কোন
জানানে?
নাজানা ছাগৈ
হব বাৰু
ৰহস্য হয়েই থাকক দিয়া!
================================
Do you know?
Sure you don’t
It’s fine actually
Let it go
‘Cause will being aware
Change those notions
In your mind
In your life
In your emotions?
No, they won’t
Or else long back
A void inside you
Would have rocked
And created unrest
And then
To break that trance
A flight you’d have
Taken to reach out
To me perchance?
Since you didn’t
Let it remain
That way it stands
Why let inane things
Make needless disturbance!
But my mind
Ain’t in your control
So let it wander
Snuggling your thoughts
Happily on its own
Oh, by the way
Who is this
Do you reckon?
Sure you don’t
Well, let the mystery live on!
By Smriti Dihingia
Nice
Amazing
Good
👍
Nice, very good writing